আমাৰ অসমৰ মুখ্যন্ত্ৰী ডাঙৰীয়াৰ চছিয়েল মেডিয়াত( Facebook) "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষ্যে বাস্য ।
আজি তেওঁ এই কথা খিনি কোৱাৰ আগত এবাৰ ভাবি চাব
লাগিছিল যে কেন্দ্ৰীয় চৰকাৰৰ লগতে তেওঁৰ নিজে আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ তথা উত্তৰ পূৰ্বঞ্চল আমাজন দিহিং পাটকাইৰ ঘটনা।
এফালে আমাক গজ পুলি ৰুবলে আহ্বান
কৰে আছে আনফালে সিহঁতে হাবি বননি ভাঙি পুঁজিপতি সকলক আশ্ৰয় দি আছে এয়াই নে মহোদয়ৰ জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণৰ বাবে পৰিৱেশ সম্পৰ্কীয় সজাগতা ।
আজি বিশ্ব পৰিবেশ
দিৱসৰ দিনা গোটেই অসমে বিভিন্ন ঠাইত বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহণ কৰিছে ।
আমাৰ নৰ্থ ইষ্ট ৰ আমাজন হিচাপে বিখ্যাত দিহিং-পাটকাইত যি মুক্ত কয়লা খনন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে
অনুমোদন জনাইছে তাৰ কোনো বিৰোধিতা এতিয়ালৈ কৰা নাই আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া । কিন্তু আজি আমাৰ অসম বসীক উপদেশ দিয়ে বৃক্ষ ৰোপন কৰিবলৈ।
আমাৰ মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ কথাৰ লগত বাস্তৱৰ
কিমান যে মিল অসমীয়া ৰাইজে বালকে বুজি পাইছে চাগে।
দিহিং পাটকাইৰ বনৰ অভ্যান্তৰিন খননৰ কাৰণে কয়েল ইণ্ডিয়া কোম্পানীকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিক অনুমোদনৰ বিৰদ্বে গুৱাহটী হাই কোৰ্টত
এখন জনস্বাৰ্থ মামলা দাখিল কৰা হৈছে, তাত কোৱা হৈছে যে এই কামটো সংবিধানৰ ২১ নঃ অনুচ্ছদৰ
গুৱাৰান্তিযুক্ত জীৱন অধিকাৰ আইন উলঙঘা কৰে ।
আবেদনকাৰি সকলোৱে এই তলৰ উততৰাধিকাৰীৰ সকলোৰ পৰা উত্তৰ বিচাৰিছে-
ভাৰত চৰকাৰ,
পৰিবেশ পৰিবৰ্তন মন্ত্ৰালয়
বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়,
অসম চৰকাৰ,
মুখ্যসচিব,
বন প্ৰধান সংক্ষণকাৰী আৰু বন বাহিনী প্ৰধান,
আৰু প্ৰধান বন সংৰক্ষক (বন্যপ্রাণী)।
লগতে জাতীয় বন্যজীৱ বোৰ্ড,স্টাইল বোর্ড অফ ওয়াইল্ডলাইফ, কায়েল ইণ্ডিয়া আৰু তাৰ প্ৰধান ব্যৱস্থাপক ।
এই গোটেই ঘটনাটো জনৰ পিছতো আজি আমাৰ মুখ্য মন্ত্ৰী ডাঙৰীয়া নিমাত কিয় ?

No comments:
Post a Comment